ঘাম ওলোৱা ভৰিৰ পৰা কেনেকৈ প্ৰতিৰোধ আৰু পৰিত্ৰাণ পাব পাৰি –
ঘাম ওলোৱা ভৰি সঁচাকৈয়ে লজ্জাজনক হ’ব পাৰে। যেতিয়া বাহিৰত গৰম হয় আৰু আপুনি জানে যে আপোনাৰ ভৰি দুখন পৰা দুৰ্গন্ধ আৰু ঘাম ওলাব, তেতিয়া আন মানুহৰ সন্মুখত জোতা খোলাটো অসুবিধাজনক হয় পৰে । হয়তো আপোনাক বহুতে একো নকব পাৰে বা এই বিষয়ে নাভাবিব পাৰে , কিন্তু ই আপোনাৰ আত্মবিশ্বাসক আঘাত দিব পাৰে। কিন্তু এনে কিছুমান টিপছ আছে যিয়ে হয়তো আপোনাক দুৰ্গন্ধময় ভৰিৰ পৰা মুক্তি পোৱাত সহায় কৰিব পাৰে।
১/ মোজা
ভৰিৰ দুৰ্গন্ধ নোহোৱাকৈ ৰাখিব বিচাৰেনে? তাৰ বাবে আপুনি নিশ্চিত হ’ব লাগে যে আপুনি সঠিক ঋতু আৰু কাৰ্য্যকলাপৰ বাবে উপযুক্ত মোজা পিন্ধিছে। বাহিৰত গৰম হ’লে কপাহী মোজা পিন্ধাটো ভাল কাৰণ ইয়াৰ মাজেৰে সঠিকভাবে বায়ু চলাচল কৰে। শীতকালত সহজে ভৰি ঠাণ্ডা হ’লে ঊলৰ মোজা পিন্ধিব পাৰে। নাইলনৰ মোজা পিন্ধিব নালাগে; এইবোৰে আৰ্দ্ৰতাক আৱদ্ধ কৰি ৰাখে আৰু তাৰবাবে আপোনাৰ ভৰি দুখনৰ পৰা সোনকালে ঘাম ওলাব। আপুনি স্প’ৰ্টছ মোজা বা অন্যান্য আৰ্দ্ৰতা লোৱা মোজা পিন্ধিবলৈও বাছি ল’ব পাৰে।
২/ এন্টিপাৰ্স্পিৰেণ্ট
আপুনি জানেনে যে আপোনাৰ ভৰিত আচলতে আপোনাৰ শৰীৰৰ আন যিকোনো অংশতকৈ বেছি ঘামগ্ৰন্থি থাকে? গতিকে, ঘাম ওলোৱাৰ পৰা ৰক্ষা কৰিবলৈ ডিঅ’ডৰেণ্ট স্প্ৰে’ নকৰিব কিয়, নহয়নে? ৰাতি বিচনালৈ যোৱাৰ আগতে ভৰি ভালদৰে ধুই শুকানকে মোহাৰি লৈ এন্টিপাৰ্স্পিৰেণ্ট ডিঅ’ডৰেণ্ট স্প্ৰে’ কৰক। ৰাতিপুৱা ধুই পেলাওক। একেৰাহে তিনি-চাৰিদিন এইদৰে কৰক আৰু তাৰ পিছত সপ্তাহত এবাৰ বা দুবাৰলৈ কৰক।
৩/ সঠিকভাৱে পানী খোৱা
পানী খোৱাত খেলিমেলি হলেও আপোনাৰ ভৰিৰ ঘাম ওলোৱাত সহায় কৰিব পাৰে। আপুনি সঠিকভাৱে পানী খোৱাটো খুবেই প্ৰয়োজন । আমি প্ৰতিদিনে সঠিক পৰিমাণৰ পানী খালে ই আমাৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু আমাৰ শৰীৰৰ পৰা ঘাম কমকৈ ওলাই ।
৪/ উপযুক্ত জোতা
ঠিক আপোনাৰ মোজাৰ দৰেই, আপুনি সঠিক জোতা পিন্ধাটো গুৰুত্বপূৰ্ণ। বাহিৰত গৰম হ’লে চামৰা বা কেনভাছ জোতা এযোৰ বাছি লোৱাটো ভাল। পেটেণ্ট বা প্লাষ্টিকৰ জোতাৰ ভিতৰত ঘাম আবদ্ধ হয় ৰয় বায়ুৰ সঠিক প্ৰবাহ নাথাকে – গতিকে আপুনি সেইবোৰ এৰাই চলিলে খুবেই ভাল। আন এটা টিপছ : সদায় নিশ্চিত হওক যে আপোনাৰ জোতাযোৰ সঠিক জুখৰ । ভৰিৰ জুখতকৈ সৰু জোতা পিন্ধিলে ভৰিত বহুত বেছি সোনকালে ঘাম ওলাব।
৫/ ভৰি ধোৱা
লিষ্টেৰিন একাপ, ভিনেগাৰ একাপ আৰু গৰম পানী একাপ লৈ এইবোৰ একেলগে পাত্ৰত এটাত মিহলাই লওক। ভৰি দুখন তাত ১৫ মিনিট তিয়াই থওক। লিষ্টেৰিনে আপোনাৰ ভৰিৰ সকলো বেক্টেৰিয়াক হত্যা কৰি ভৰি দুখন সতেজ কৰি তুলিব। ভিনেগাৰে বেক্টেৰিয়া হত্যাকাৰী হিচাপেও কাম কৰে: বেক্টেৰিয়াই ভিনেগাৰৰ এচিডিটি ভাল নাপায়। অতিৰিক্ত বোনাছ : এই ভৰি ধোৱাৰ উপাদানসমূহে আপোনাৰ ভৰিৰ ছিদ্ৰবোৰ সৰু কৰি তুলিব, অৰ্থাৎ ইমান সহজে ঘাম ওলাবলৈ আৰম্ভ নকৰে। ভৰিৰ মৃত ছালৰ কোষবোৰ আঁতৰাই পেলোৱাৰ বাবে ভৰি দুখনো সুন্দৰ আৰু কোমল হৈ পৰিব।
Discussion about this post