নিৰাপত্তাজনিত কাৰণত ৩ দিনৰ পূৰ্বেই জন্মু-কাশ্মীৰত ভাৰত জোড়ো যাত্ৰা সামৰিলে ৰাহুল গান্ধীয়ে !
ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচী বাতিল। নিৰাপত্তা জনিত কাৰণত এই যাত্ৰা বাতিল কৰা হৈছে। জন্মু-কাশ্মীৰত ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচীত অংশ লৈছিল ৰাহুল গান্ধীয়ে।
কাশ্মীৰ উপত্যাকাত নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট আসোঁৱাহৰ অভিযোগ ৰাহুল গান্ধীৰ। কাশ্মীৰ উপত্যকাত ২০ কিলোমিটাৰ ৰাহুল গান্ধীয়ে খোজ কঢ়াৰ কথা আছিল। মাত্ৰ ১ কিলোমিটাৰ খোজ কাঢিয়েই আজি সামৰিলে এই যাত্ৰা।
তেওঁৰ লগত আছিল জন্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা। বানীহাল টানেল পাৰ হৈ শ্ৰীনগৰ দিশে যোৱাৰ কথা আছিল। ভাবিব নোৱাৰা ধৰণে জনসমাগম ৰৈ আছিল ৰাহুল গান্ধীক আদৰিবলৈ।
নিৰাপত্তাৰ দিশত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাছিল। নিয়ন্ত্ৰণ কৰা নাছিল সমবেত লোকসকলক। নিৰাপত্তা অবিহনে ৰাহুল গান্ধীয়ে এই যাত্ৰাত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত নল’লে।
তাৰ পাছতে ৰাহুল গান্ধীৰ ঘোষণা, সাময়িক ভাৱে স্থগিত ৰখা হৈছে ভাৰত জোড়া যাত্ৰা। ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰ ১৫ মিনিটলৈকে সেই স্থানত নাছিল আৰক্ষী বিষয়া। ৭ ছেপ্টেম্বৰৰ পৰা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছিল এই যাত্ৰা।
তামিলনাডুৰ পৰা আৰম্ভ কৰা এই যাত্ৰা ৩০ জানুৱাৰীত জন্মু-কাশ্মীৰত অন্ত পেলোৱাৰ কথা আছিল। ১২ খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি মুঠ ৩ হাজাৰ ৯৭০ কিলোমিটাৰ পদযাত্ৰা কৰাৰ লক্ষ্য লৈছিল ৰাহুল গান্ধীয়ে।
Discussion about this post