হাতত জুইশিখা লৈ Anvayinsৰ উদ্যোগত কাজিৰঙা আল্ট্ৰা ৰাণ-২০২৩ নামৰ এটা মাৰাথন দৌৰ প্ৰতিযোগিতা কাজিৰঙাত মুকলি কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে৷ আল্ট্ৰা ৰাণৰ উদ্যোক্তা অভিজিৎ গগৈয়ে কয় যে, অসমৰ মাৰাথন খেলুৱৈসকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উত্তৰণ ঘটোৱাৰ এক পৰিৱেশ আনি দিয়াৰ মূল লক্ষ্য সন্মুখত ৰাখি অসমত পোনপ্ৰথমবাৰৰ বাবে মুম্বাইৰ এটা ট্ৰেভেল দল Anvayins য়ে আয়োজন কৰিছে এই মাৰাথন প্ৰতিযোগিতা৷
কাজিৰঙাৰ বৰগছ ৰিজ’ৰ্টৰ পৰা আৰম্ভ হ’বলগীয়া মাৰাথন দৌৰ প্ৰতিযোগিতাক ৫ কি মি, ১৪ কি মি, ২৬ কি মি আৰু ৫২ কি মি হিচাপে চাৰিটা ভাগত বিভক্ত কৰা হৈছে৷ দেশৰ বিভিন্ন প্ৰান্তৰ ১৮ খন ৰাজ্যৰ ৪০০ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে এই মাৰাথন প্ৰতিযোগিতাত৷
অসমত প্ৰথমবাৰৰ বাবে ৫২ কিঃ মিঃ দূৰত্বৰ মাৰাথন দৌৰ আয়োজন হৈছে৷ আনহাতে, ‘ৰাণ ফ’ৰ দ্য ৰাইন’ নামেৰে কাজিৰঙাৰ গঁড় সুৰক্ষাৰ বিষয়টো এই মাৰাথনতে সন্নিৱিষ্ট কৰি কাজিৰঙাৰ সুৰক্ষাত ব্ৰতী থকা চৰকাৰী-বেচৰকাৰী সকলো পক্ষকে শ্ৰদ্ধা জনায় উদ্যোক্তাই৷
ইপিনে, উদ্যোক্তাৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক উদ্যানৰ সুৰক্ষা তথা সামগ্ৰিক উত্তৰণৰ বাবে ৩ লাখ টকাৰ চেক প্ৰদান কৰে৷
আল্ট্ৰা ৰাণৰ এই অনুষ্ঠানত কণ্ঠশিল্পী জুবিন গাৰ্গে মাৰাথন টি চাৰ্ট মুকলি কৰি হাতত জুই শিখা লৈ মুকলি কৰে৷ আনহাতে, কাজিৰঙা সুৰক্ষাৰ সকলোকে ওলাই আহিবলৈ আহ্বান জনায় জুবিনে৷
Discussion about this post