আমি সকলোৱে জানো যে চেনী সেৱনে মানুহৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। কিন্তু, বেছিভাগ ভাৰতীয় লোকে মিঠাই, আইচক্ৰীম, চকলেট, শীতল পানীয়, কেণ্ডি আৰু আন বহুতো মিঠা খাদ্য খাবলৈ ভাল পায়। ইয়াৰ ফলত, মেদবহুলতা, চৰ্বিযুক্ত যকৃত, টাইপ-২ ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ, কৰোনেৰী ধমনী ৰোগ আদিৰ আশংকা বৃদ্ধি হয়। ইয়াৰ বাবে বিশেষ পৰামৰ্শ হৈছে এমাহৰ বাবে চেনী খোৱা পৰিহাৰ কৰা, যদি এমাহৰ বাবে চেনী খোৱা বন্ধ কৰে, তেন্তে নিশ্চিতভাৱে ই অভ্যাসত পৰিণত হ’ব আৰু ইয়াৰ ফলত শৰীৰত হোৱা লাভালাভ দেখি সকলোৱে নিশ্চিতভাৱে সকাহ পাব।
চেনী নোখোৱাৰ বিশেষ লাভালাভবোৰ –
ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ –
চেনী নোখোৱাৰ আটাইতকৈ বিশেষ লাভালাভটো হ’ল যে, ই ৰক্ত শৰ্কৰাৰ স্তৰ সহজে নিয়ন্ত্ৰণ কৰে আৰু এই ক্ষেত্ৰত টাইপ-২ ডায়েবেটিছৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰি।
ওজন হ্ৰাস –
উচ্চ পৰিমাণৰ চেনী থকা খাদ্য খালে শৰীৰেত অধিক কেলৰি জমা হয়। চেনীত প্ৰ’টিন আৰু আঁহৰ দৰে পুষ্টিও নাথাকে। মিঠা বস্তু খালে ই চৰ্বিলৈ ৰূপান্তৰিত হ’বলৈ আৰম্ভ কৰে আৰু লাহে লাহে পাকস্থলী আৰু কঁকালৰ চাৰিওফালে চৰ্বি বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। কিন্তু চেনীৰ পৰা বিৰত থাকিলে এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপৰিও ওজন দ্ৰুতগতিত হ্ৰাস হ’ব।
হৃদযন্ত্ৰ স্বাস্থ্যৱান হ’ব –
চেনী খোৱাৰ সৈতে হৃদৰোগৰ পোনপটীয়া সম্পৰ্ক আছে। যেতিয়া চেনী চৰ্বিলৈ ৰূপান্তৰিত হয়, তেজত কলেষ্টেৰল মাত্ৰা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত, ৰক্তচাপ বৃদ্ধি হয়, যাৰ অৰ্থ হৈছে হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি হৈ হৃদৰোগত আক্রান্ত হয়। হৃদৰোগত আক্রান্ত হোৱাৰ ফলত ভাৰতত বহু সংখ্যক লোকে প্ৰাণ হেৰুৱায়। যদি চেনী খোৱা বন্ধ কৰে, তেন্তে নিশ্চিতভাৱে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হ’ব।
যকৃতৰ লাভালাভ –
যকৃত হৈছে মানৱ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ, ই বহুতো গুৰুত্বপূৰ্ণ কাম কৰে, কিন্তু যি সকলে অত্যাধিক চেনী সেৱন কৰে, তেওঁলোকৰ নন-এলকহলিক ফেটি লিভাৰ ডিজিজ (এনএএফএলডি)ৰ বিপদাশংকা বৃদ্ধি হয়। সেয়েহে চেনী খোৱা পৰিহাৰ কৰিব লাগে।
দাঁতৰ স্বাস্থ্য উন্নত হ’ব –
সকলোৱে জ্ঞাত যে চেনী আধাৰিত খাদ্যই দাঁতৰ ক্ষতি কৰে। ই গহ্বৰ, দাঁতৰ আলুৰ ৰোগ আৰু উশাহৰ দুৰ্গন্ধৰ আশংকা বৃদ্ধি কৰে, কিয়নো মিঠা বস্তুবোৰে মুখত অধিক বেক্টেৰিয়াৰ উৎপন্ন কৰে। সেয়েহে চেনী খোৱা এৰি দিলে নিশ্চিতভাৱে দাঁতৰ স্বাস্থ্য উন্নত হ’ব।
Discussion about this post