বিশিষ্ট অসমীয়া কবি নীলমণি ফুকনে বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে ১১:৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
তেখেতক সংকটজনক অৱস্থাত জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল । জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই কয় যে, তেখেত চেপ্টিক শ্বকত আক্ৰান্ত হৈছিল ।
কবি নীলমণি ফুকনদেৱৰ জন্ম অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত।
তেখেতৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’।
‘কবিতা’ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ ২০০২ চনত প্ৰদান কৰা হয়। কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে। নতুন দিল্লী স্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে। এই বঁটা লাভ কৰা তেখেত তৃতীয় গৰাকী অসমীয়া সাহিত্যিক।
Discussion about this post