সম্প্ৰতি মালিগাঁও উৰণীয়া সেতুৰ নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হৈছে Foot bridge ।
অতীত হ’ল মালিগাঁও চাৰিআলিৰ অত্যাধুনিক Foot bridge। প্ৰায় ৯ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই দলংখন। ৩ কোটি টকা ব্যয়সাপেক্ষে জিএমডিএই নিৰ্মাণ কৰিছিল দলংখন। পৰৱৰ্তীকালত ২০১৮ চনত ইয়াক অত্যাধুনিক পদ্ধতিৰে পুনঃনিৰ্মাণ কৰা হৈছিল। এই পুনঃনিৰ্মাণ কাৰ্যত ব্যয় হৈছিল ৫৩ লাখ টকা।
আধুনিকীকৰণৰ সময়ত বিশেষভাৱে সক্ষম লোক তথা বয়োজ্যেষ্ঠ নাগৰিকৰ দিয়া হৈছিল বিশেষ সা-সুবিধা। সংলগ্ন কৰা হৈছিল লিফ্ট, চিচিটিভি কেমেৰা। উল্লেখ্য যে এইখন Foot bridge আছিল অসমৰ ভিতৰত প্ৰথমখন চিচিটিভি কেমেৰা, লিফ্টযুক্ত Foot bridge।
সম্প্ৰতি মালিগাঁও উৰণীয়া সেতুৰ নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হৈছে Foot bridge খন। বৃহত্তৰ মালিগাঁও অঞ্চলৰ হাজাৰ হাজাৰ লোকৰ চলাচলৰ সাক্ষী আছিল এই দলংখন।
Discussion about this post