গুৱাহাটীৰ ঘৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাঘ বিহু
ভোগালী বিহু উপলক্ষে গুৱাহাটীৰ নিজা বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভোগালীৰ পৰম্পৰা পালন কৰি মেজি প্ৰজ্বলিত কৰে আৰু সমাজৰ সৰ্বত্ৰ মংগল কামনাৰে অগ্নিদেৱতাৰ প্ৰতি সেৱা জনায়।
সৰ্বানন্দ সোণোৱালে কয় _ ভোগালী আমাৰ অসমীয়া জাতিৰ প্ৰাণশক্তিস্বৰূপ। মাঘ বিহুৰ উমাল পুৱাত গুৱাহাটীৰ বাসগৃহত ভোগালীৰ পৰম্পৰা পালন কৰি মেজি প্ৰজ্বলিত কৰোঁ আৰু সমাজৰ সৰ্বত্ৰ মংগল কামনাৰে অগ্নিদেৱতাৰ প্ৰতি সভক্তিৰে সেৱা যাচিলোঁ। সাংবাদিক বন্ধুসকলৰ লগতে সতীৰ্থসকল আৰু উপস্থিত সুধীবৃন্দৰ সৈতে একেলগে ভোগালীৰ জলপান গ্ৰহণ কৰি আনন্দিত হৈছোঁ। সমূহীয়াভাৱে থলুৱা জলপান খোৱাৰ আমেজেই সুকীয়া। এই পৱিত্ৰ ক্ষণত সকলোকে মাঘ বিহুৰ আন্তৰিক ওলগ জনালোঁ।
Discussion about this post