সন্মুখত ভোগালী বিহু। প্ৰতিগৰাকী অসমীয়াই জো যা চলাইছে হেঁপাহৰ ভোগালীক আদৰাত। এই সময়চোৱাত চহৰৰ প্ৰায়ভাগ মানুহেই পুৰণি সোৱাদ বিচাৰি গাঁৱলৈ ঢাপলিয়াই যোৱা দেখা যায়।
ইয়াৰ মাজতে মহানগৰবাসীলৈ আৰক্ষী আয়ুক্তই এক বিশেষ আহ্বান জনাইছে । আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বিহুত ঘৰলৈ যাম বুলি ভবাসকলৰ বাবে আহ্বান জনায়।
তেওঁ কয় যে ঘৰ খালী কৰি বিহু খাবলৈ নাযাব। এজন হ’লেও ঘৰত থাকিব।প্রতিটো ঘৰত প্রহৰা দিয়াটো আৰক্ষীৰ বাবে অসম্ভৱ।
লগতে কয় যে গুৱাহাটীত আৰক্ষী আৰু বিষয়া-জোৱানৰ সংখ্যা কম। ৩১ জানুৱাৰীৰ দৰে সুৰাপায়ীৰ বিৰুদ্ধে ওৰে নিশা নচলে অভিযান। গতিকে সকলোকে ঘৰতে সুকলমে বিহু উদযাপন কৰিবলৈ আহ্বান জনাই বৰাই।
Discussion about this post