Spare : যুৱৰাজ হেৰীৰ আত্মজীৱনীৰ বিক্ৰীৰ অভিলেখ, ব্রিটেইনত এদিনতে চাৰি লাখ কপি বিক্রী
ব্ৰিটিছ যুৱৰাজ হেৰীৰ আত্মজীৱনী ‘স্পেয়াৰ’ ব্ৰিটেইনত সবাতোকৈ দ্ৰুতগতিত বিক্ৰী হোৱা অকাহিনী গ্রন্থ হিচাপে স্বীকৃত হ’ল।
এদিনতে ব্ৰিটেইনত ‘স্পেয়াৰ’ৰ চাৰি লাখ কপি বিক্ৰী হ’ল। হেৰীয়ে তেওঁৰ জীৱনী গ্ৰন্থত ব্ৰিটিছ ৰাজপৰিয়ালৰ বিভিন্ন গোপন কথাৰ লগতে নানা বিতৰ্কৰ কথাও সদৰী কৰিছে।
উল্লেখ্য যে যুৱৰাজ হেৰী হৈছে ইংলণ্ডৰ ৰজা চাৰ্লছৰ কনিষ্ঠ পুত্র। ২০২০ বৰ্ষত পত্নী মেগানৰ স’তে হেৰীয়ে ব্ৰিটিছ ৰাজমৰ্যাদা ত্যাগ কৰিছিল।
সদ্যপ্ৰকাশিত ‘স্পেয়াৰ’ত হেৰীয়ে তেওঁৰ শৈশৱৰ পৰা ৰাজপৰিয়াল ত্যাগলৈকে নানা কথা মুক্তমনৰে ব্যক্ত কৰিছে।
‘স্পেয়াৰ’ৰ মূল্য ২,৭৭৮ টকা নিৰ্ধাৰণ কৰা হৈছে যদিও সম্প্রতি এমেজনত ১৩৮৯ টকাত এইখন গ্ৰন্থ উপলব্ধ হৈছে।
পেংগুইনে সদৰী কৰা অনুসৰি, প্ৰকাশৰ দিনাই বিক্ৰীৰ অভিলেখৰ দিশৰে ‘হেৰী প’টাৰ’তকৈও অধিক কপি বিক্রী হ’ল ‘স্পেয়াৰ’ৰ।
Discussion about this post