দিল্লীত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় অপেন চেম্পিয়ন টাইকোৱাণ্ডো প্ৰতিযোগিতাত কাজিৰঙাৰ কাঞ্চনজংঘা টাইকোৱাণ্ডো একাডেমিৰ বৃহৎ সাফল্য ৷ উল্লেখযোগ্য যে দিল্লীৰ আলকোটা ষ্টেডিয়ামত যোৱা ৪ আৰু ৫ জানুৱাৰীত অনুষ্ঠিত প্ৰতিযোগিতাত যোগদান কৰা অসমৰ ৬৪ জনীয়া দলে ১৬ টা সোণৰ, ১৪ টা ৰূপৰ আৰু ১২ টা ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয়।
ইয়াৰে ভিতৰত কাজিৰঙা কাঞ্চনজংঘা একাডেমিৰ দেৱাশিষ গগৈ, প্ৰিঞ্চ গগৈ আৰু জিন্তু গগৈয়ে সোণৰ, মাধুৰ্য্য বৰুৱা, নৱজ্যোতি কলিতা, পাপুল শইকীয়াই ৰূপৰ আৰু যোগান্তৰ গগৈয়ে ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয় ।


























Discussion about this post