শীতপ্ৰবাহত কঁপিছে উত্তৰ-পশ্চিম ভাৰতৰ কিছু অংশ । অৱশ্যে, সৰ্বাধিক শীতপ্ৰবাহত কঁপিছে দিল্লী। শীতৰপ্ৰবাহৰ নিৰিখত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে দিল্লীয়ে । মঙলবাৰে ৰাজধানীত ধাৰাবাহিকভাৱে ষষ্ঠ দিনত প্ৰৱেশ কৰিছে শীতপ্ৰবাহ ।
যি ১০ বছৰৰ দীৰ্ঘতম বুলি জনাইছে বতৰ বিজ্ঞানে । ২০১৩ চনত, ধাৰাবাহিক ভাৱে পাঁচ দিন ধৰি শীতপ্ৰবাহত কঁপিছিল দিল্লীবাসীয়ে।
কুঁৱলীৰ চাদৰে আৱৰি থকা দিল্লীত দৃশ্যমানতা প্ৰায় শূন্য । দেওবাৰে সন্ধিয়াৰ পৰা দিল্লীত দৃশ্যমানতা ২০ ঘণ্টাতকৈও অধিক সময়ৰ বাবে প্ৰায় শূন্য আছিল।
Discussion about this post