বিশ্বৰ সবাতোকৈ ধনী পোষ্য অলিভিয়া :
অকল মানুহেই নহয়, আজি-কালি বিশ্বত ধনাঢ্য পশুৰো আত্মপ্রকাশ ঘটিছে। এই বিশ্বতে আছে এনে এটি মেকুৰী যাৰ সম্পত্তিৰ পৰিমাণ হৈছে কে’বাশ কোটি টকা।
এই ধনাঢ্য মেকুৰীটো আছে আমেৰিকাৰ জনপ্রিয় পপ তাৰকা টেলৰ ছুইফটৰ ঘৰত। ছুইফটৰ পোহনীয়া মেকুৰী অভিলিয়া হৈছে সাম্প্ৰতিক বিশ্বৰ সবাতোকৈ ধনী পোষ্য।
৩৩ বছৰীয়া ছুইফটৰ অতি মৰমৰ মেকুৰী অলিভিয়া। ‘ৰ’লিং ষ্ট’ন’ৰ প্রতিবেদনৰ বাতৰি অনুসৰি, বিশ্বৰ অন্যতম ধনী পোষ্যৰ তালিকাত শীৰ্ষত আছে অলিভিয়া।
এই প্রতিবেদনত উল্লেখ কৰা মতে, অলিভিয়াৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৯.৭ নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৮০০ কোটি টকা।
‘অল এবাউট কেটছ ‘সংস্থাৰ তথ্যৰে অলপতে ফ’বছ ষ্টাইল তালিকা প্রস্তুত কৰা হৈছে।অলিভিয়াই সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰি আহিছে।
সম্পত্তিৰ বিচাৰত বিশ্বৰ জনপ্রিয় নালা কেট সম্প্রতি শীৰ্ষত আছে। চিয়ামিজ আৰু টেবি মিক্স প্ৰজাতিৰ এই মেকুৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ ১০০ নিযুত ডলাৰ। ইয়াৰ পাছতে ধনাঢ্য মেকুৰী হ’ল স্কটিছ ফ’ল্ড প্ৰজাতিৰ অলিভিয়া।
যদিও অলিভিয়াৰ নামত কোনো ইনষ্টাগ্রাম একাউন্ট নাই, তথাপি অলিভিয়া সামাজিক মাধ্যমত বৰ জনপ্ৰিয়।অলিভিয়াই প্ৰায়ে ছুইফটৰ ইনষ্টাগ্রাম একাউন্টত ভুমুকি মাৰি আহিছে।
ছুইফটে প্রায়ে অলিভিয়াৰ ভিডিঅ’ তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি আহিছে। অলিভিয়াৰ জনপ্ৰিয়তাৰ আন এক কাৰণ হৈছে ছুইফটে তেওঁক প্ৰায়ে বিভিন্ন দেশ ভ্রমণ কৰাৰ সময়তো পোহনীয়া মেকুৰীক লগত ৰাখে৷
মানুহৰ দৰেই ছুইফটৰ বিদেশ যাত্ৰাৰ সংগী হৈ আহিছে অলিভিয়া। ইনষ্টাগ্ৰামত অলিভিয়াৰ ভিডিঅ’ আপলোড কৰিও ছুইফটে যথেষ্ট ধন উপাৰ্জন কৰি আহিছে।
তদুপৰি অলিভিয়াই বহু মিউজিক ভিডিঅ’তো অংশ লৈ আহিছে। বৃহৎ বাজেটৰ বিজ্ঞাপন ছবিতো অলিভিয়াই ভূমকি মাৰিছিল। ২০২০ বৰ্ষত অলিভিয়াৰ প্ৰথমটো ভিডিতা’ ছুইফটে শ্বেয়াৰ কৰিছিল আৰু সেই ভিডিঅ’টোৱে দুই নিযুত ‘লাইক’ লাভ কৰিবলৈ সক্ষম হৈছিল।
অলিভিয়াৰ স’তে পপ চাঞ্চল্য ছেলেনা গোমেজৰ ভিডিঅ’ও সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত হৈছিল। পপ তাৰকা ছুইফটে বছৰি বিভিন্ন দেশত সংগীত পৰিৱেশনৰ জৰিয়তে প্রায় ১৫০ নিযুত ডলাৰ উপাৰ্জন কৰে।
ছুইফটৰ পোয্য হিচাপে ধন উপাৰ্জনত গৰাকীৰ স’তে সমানে ফেৰ মাৰিছে অলিভিয়াই। সামাজিক মাধ্যম,বিজ্ঞাপনৰ জৰিয়তে বৰ্তমানলৈকে ৮০০ কোটি টকা উপাৰ্জন কৰিলে অলিভিয়াই।
Discussion about this post