ভাৰতীয় দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ২-১ ব্যৱধানত জয়লাভ কৰাৰ পিছত তিনিখন এদিনীয়া শৃংখলা আজিৰ পৰা আৰম্ভ হ’ব। শৃংখলাটোৰ প্ৰথমখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখনকলৈ ৰাজ্যখনৰ ক্ৰিকেট অনুৰাগীসকলৰ মাজত উৎসাহ বৃদ্ধি পাইছে।
উল্লেখ্য যে যোৱা বছৰ অক্টোবৰত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলখন এই খেলপথাৰতে অনুষ্ঠিত হৈছিল।
ইপিনে, ৰাজ্য চৰকাৰে আজিৰ এই খেলখনৰ বাবে অৰ্দ্ধদিন ছুটীৰ ঘোষণা কৰিছে। গুৱাহাটী আৰু কামৰূপ মেট্ৰ’ জিলাত অৰ্দ্ধদিন ছুটী থাকিব। এই সন্দৰ্ভত এখন জাননীও জাৰি কৰা হৈছে। কামৰূপ মেট্ৰ’ জিলাৰ সকলো চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় দুপৰীয়া ১ বজাৰ পৰা বন্ধ থাকিব। খেলখনৰ বাবে ইতিমধ্যে ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেটাৰসকল গুৱাহাটীত উপস্থিত হৈছে।
Discussion about this post