জোনবাই এ বেজী এটি দিয়া
বেজীনো কেলৈ?
মোনা সিবলৈ
মোনানো কেলৈ?
ধন ভৰাবলৈ
ধননো কেলৈ?
হাতী কিনিবলৈ
হাতীনো কেলৈ?
উঠি ফুৰিবলৈ
হাতীত উঠিলে কি হয়?
বৰ মানুহ হয়
হাতীত উঠি পানীৰাম ঘৰলৈ যায়
আলিবাটৰ মানুহে ঘুৰি ঘুৰি চাই।
© 2021 Developed & Maintained by ClickNext
Discussion about this post