গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ স্থায়ী মিঠা পানীৰ বিল, যাক স্থানীয়ভাৱে ‘দীপৰ বিল’ বুলি কোৱা হয়।
পৰিভ্ৰমী চৰাইৰ আশ্ৰয়স্থল দীপৰ বিল কেইবাটাও নদীৰ পৰা হোৱা প্ৰদূষণৰ বাবে ভয়াৱহ ভাবে ধ্বংস হৈছে।
২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক ৰামছাৰ ছাইট হিচাপে স্বীকৃতি দিয়া হৈছিল। এই স্বীকৃতি লাভ কৰাৰ প্ৰায় দুটা দশক হ’ল যদিও দীপৰ বিলে এই মৰ্যাদা অক্ষুণ্ণ ৰাখিব পাৰিব নে সেই প্ৰশ্নটো বিগত কেইবছৰমানৰ পৰা উত্থাপন হৈ আহিছে।
যিহেতু ই ক্ৰমান্বয়ে ৰামছাৰ চাইট হোৱাৰ বাবে প্ৰয়োজনীয় বৈশিষ্ট্যসমূহ হেৰুৱাই পেলাইছে।
(ৰামছাৰ ছাইট হৈছে ৰামছাৰ সন্ধিৰ অধীনত আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰ বাবে নিৰ্ধাৰণ কৰা জলাশয় স্থান।)


























Discussion about this post