ভাৰতীয় ক্ৰিকেট দলৰ বিপক্ষে টি-২০ আৰু এদিনীয়া শৃংখলা খেলাৰ উদ্দেশ্যে কিছুদিন পূৰ্বে ভাৰতত উপস্থিত হৈছে শ্ৰীলংকা ক্ৰিকেট দল। বি চি চি আইৰ নিৰ্বাচক মণ্ডলীয়ে একাধিক জ্যেষ্ঠ ক্ৰিকেটাৰক বিশ্ৰাম দি নতুন প্ৰতিভাৱান ক্ৰিকেটাৰৰ অন্তৰ্ভুক্তিৰে টি-২০ দল গঠন কৰিছে।
টি-২০ দলটোক নেতৃত্ব প্ৰদান কৰিছে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই। দ্বীপ ৰাষ্ট্ৰখনৰ বিপক্ষে তিনিখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন মেচত ভাৰতে দলটোৰ হাতত পৰাজয়বৰণ কৰে। মেচখনত প্ৰথমে শ্ৰীলংকাই বেট ধৰি ঘৰুৱা দলটোক জয়ৰ বাবে ২০৭ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত ৮টা উইকেটৰ বিনিময়ত ১৯০ ৰান সংগ্ৰহ কৰি পৰাজয়বৰণ কৰে।
ইয়াৰ ফলত শৃংখলাত ১-১ৰ ব্যৱধানত শ্ৰীলংকাই সমতা স্থাপন কৰে। উল্লেখ্য যে, মেচখনত ভাৰতৰ অক্ষৰ পেটেল আৰু সূৰ্য কুমাৰ যাদৱে অৰ্ধশতক অৰ্জন কৰে।
Discussion about this post