২০২৩ বৰ্ষটো বলিউডৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হ’ব। এই বৰ্ষতে দেশৰ চিত্ৰগৃহত মুক্তি লাভ কৰিব কে’বাখনো বিগ বাজেটৰ বহু প্রতীক্ষিত ছবিয়ে।
শ্বাহৰুখ খান, অক্ষয় কুমাৰ, ছলমান খান, হৃতিক ৰোশন, ছাহিদ কপুৰ, ৰণবীৰ কপুৰ, ৰণবীৰ সিং আদিৰ দৰে বলিউডৰ জনপ্রিয় অভিনেতাৰ কে’বাখনো ছবিয়ে চলিত বৰ্ষত মুক্তি লাভ কৰিব।
মুক্তিৰ অপেক্ষাত থকা বহুচৰ্চিত ছবিৰ অন্যতম হ’ল শ্বাহৰুখ খানৰ ‘পঠান’। ‘পঠান’ৰ মুক্তিৰ এদিন পাছতে মুক্তি লাভ কৰিব হৃতিক ৰোশনৰ ‘ফাইটাৰ’ ছবিখনে।
অহা ২৬ জানুৱাৰীত ছবিখনে মুক্তি লাভ কৰাৰ কথা। উল্লেখ্য যে ‘পঠান’ আৰু ‘ফাইটাৰ’ পৰিচালনা কৰিছে সিদ্ধাৰ্থ আনন্দই।
মণি ৰত্নমৰ বিগ বাজেটৰ ছবি ‘প’ন্নিয়ন ছেলভন-২’ৰ প্ৰদৰ্শন ২৮ এপ্ৰিলত আৰম্ভ হ’ব। একেটা দিনাই কৰন জোহৰৰ ‘ৰকি এণ্ড ৰাণী’ৰো মুক্তি লাভৰ কথা৷ ‘ৰকি এণ্ড ৰাণী’ত মুখ্য চৰিত্ৰত ৰণবীৰ সিঙে অভিনয় কৰিছে।
Discussion about this post