উল্লেখ্য যে ৰোনাল্ডোৱে ২০২৫ বৰ্ষলৈ ক্লাবটিৰ সৈতে চুক্তিবদ্ধ হয় ৷ইয়াৰ পূৰ্বে খ্ৰিষ্টিয়ানো ৰোনাল্ডো ইংলেণ্ডৰ মানচেষ্টাৰ ইউনাইটেডৰ স’তে জড়িত আছিল ৷
কিন্ত কিছুদিনৰ পৰা ইংৰাজ ক্লাৱটোৰ সৈতে ব্যৱধান বৃদ্ধি পায় ৷ বহু বিৰ্তকৰ অন্তত ক্লাৱটিয়ে ততাতৈয়াকৈ চুক্তি ভংগ কৰে ৰোনাল্ডোৰ স’তে ৷
মনকৰিবলগীয়া যে বিশ্বখ্যাত খেলুৱৈ গৰাকী মাত্ৰ ৩৭ বছৰ বয়সতে চৌদী ক্লাৱটোৰ পৰা প্ৰতিবৰ্ষত দৰমহা হিচাপে লাভ কৰিব প্ৰায় ৭৫ মিলিয়ন ডলাৰ অৰ্থাৎ ১,৭৭০ কোটি টকা ৷
এতিয়াৰ পৰা ৰোনাল্ডোক মানচেষ্টাৰ ইউনাইটেডৰ জাৰ্ছিৰ পৰিৰ্ৱতে নতুন ৰূপত দেখা পাব আল নাছৰৰ জাৰ্ছিৰে ৷
খ্ৰিষ্টিয়ানো ৰোনাল্ডো সদ্য সমাপ্ত কাটাৰ বিশ্বকাপেই তেওঁৰ জীৱনৰ শেষৰ খন বিশ্বকাপ বুলি সদৰি কৰিছিল ৷
Discussion about this post