ডিজিটেল ডেস্ক: মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। হীৰাবেন মোডীৰ ৩০ ডিচেম্বৰ পুৱা ৩.৩০ বজাত শেষ মৃত্যু হয়। প্ৰধানমন্ত্ৰী গৰাকীয়ে এই খবৰ টুইটাৰৰ জৰিয়তে জনাইছে।
ইতিমধ্য প্ৰধানমন্ত্ৰী মোডী আহমেদাবাদলৈ ৰাওনা হৈছে। ১০০ বছৰীয়া হীৰাবেন মোডীৰ আহমেদাবাদৰ এখন চিকিৎসালয়ত চিকিৎসা চলি আছিল।
সূত্ৰ অনুসৰি, উশাহ-নিশাহৰ সমস্যা আৰু ৰক্তচাপৰ সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মোডীৰ মাতৃ হীৰাবেন গান্ধীনগৰ চহৰৰ ওচৰৰ ৰাইচান গাঁৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰু ভায়েক পংকজ মোডীৰ সৈতে বাস কৰিছিল।
Discussion about this post