মহানগৰীত দৈনিক বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰাৰ সময়তে পুনৰ আন এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
মহানগৰীৰ হাতীগাঁৱৰ অনুপম পথত অৱস্থিত এটা মছজিদত এটা দুৰ্বৃত্তই প্ৰৱেশ কৰি মছজিদ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকক চুৰীৰে আঘাত কৰে ।
প্ৰাপ্ত খবৰ মতে, দিনৰ ভাগত ছামচুল আলম নামৰ যুৱকজনে হঠাৎ মছজিদৰ ভিতৰত প্ৰৱেশ কৰি মছজিদ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকক চুৰীকাঘাত কৰি পলায়ন কৰে ।
ইফালে, চুৰীকাঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা পৰিচালনা সমিতিৰ সম্পাদক চৈয়দ তয়াবুৰ ৰহমানক ততাতৈয়াকৈ এইছ এম হাস্পাতালত ভৰ্তি কৰা হৈছে ।
Discussion about this post