দিপালীক প্ৰয়োজন আপোনাৰ সহায়ৰ…
তাইৰো মন আছিল পঢ়িবলৈ। তাইৰো মন আছিল সহপাঠীৰ লগত খেলিবলৈ । কিন্তু এতিয়া সলনি হৈ গ’ল সকলো।
ডিজিটেল সংবাদ, সৰুপথাৰ: তাইৰো মন আছিল পঢ়িবলৈ। তাইৰো মন আছিল সহপাঠীৰ লগত খেলিবলৈ । কিন্তু এতিয়া সলনি হৈ গ’ল সকলো। লাহে লাহে মানসিক ভাৰাসাম্য হেৰুৱাই পেলাইছে কিশোৰী গৰাকীয়ে।
এটা পৰিয়াল তথা এগৰাকী কিশোৰীৰ কৰুণ গাঠা। কিশোৰী গৰাকীৰ নাম দিপালী বৰুৱা।সৰুপথাৰ সমষ্টি মাজগাঁও গাওঁ পঞ্চায়তৰ আমগুৰী দ’ গাওঁ ৰেনু বৰুৱা আৰু বিৰেন বৰুৱা কন্যা ।
কেৱল খেতিৰ ওপৰত নিৰ্ভয় কৰা দেউতাকে দিপালীক গোলাঘাট, গুৱাহাটী বিভিন্ন ঠাইত চিকিৎসা কৰিছে যদিও আৰোগ্য হোৱা নাই।উন্নত চিকিৎসা প্ৰয়োজন আছে বুলি চিকিৎসকে জানিবলৈ দিয়ে।কিশোৰী গৰাকীৰ চিকিৎসাৰ বাবে কৃষি ভূমি বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে পৰিয়ালটো, তথাপি সুস্থ হৈ ওঠা নাই কিশোৰী গৰাকী।
সেয়েহে উপায়হীন হৈ পৰিয়ালৰ লোকে বিভিন্ন দল সংগঠনৰ পৰা চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ আহ্বান কৰিছে। ইয়াৰ ওপৰিও স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনক চিকিৎসাৰ বাবে সু-ব্যৱস্থা কৰি দিবৰ বাবে আহ্বান জনাইছে।পৰিয়ালৰ লোকক সহায় কৰিব বিছাৰিলে 7636976411 নম্বৰত বা সৰুপথাৰ শাখাত থকা A/C 1723010166225 ..IFSC PUNB0172320নম্বৰত আৰ্থিক সহায্য দিবৰ বাবে আহ্বান জনাইছে।
Discussion about this post