কেৰালাৰ ৱায়নাডত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই গৈয়ে আছে। শেহতীয়াকৈ লাভ কৰা আপডেট অনুসৰি এতিয়ালৈকে ৮৪ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। প্ৰায় শতাধিক লোক আহত হোৱাৰ লগতে বহু লোকৰ ঘৰ দুৱাৰ, গাড়ী মটৰ এতিয়া খহিঁ অহা মাটিৰ তলত।
উদ্ধাৰকাৰী দলে জনাইছে যে, মৃতকৰ সংখ্যা আৰু অধিক বৃ্দ্ধি পোৱাৰ সম্ভাৱনা আছে। এন ডি আৰ এফ, ভাৰতীয় সেনাৰ লগতে নৌ সেনাৰ দলেও উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে। ইফালে এই শোকাৱহ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও শোক প্ৰকাশ কৰি সহায়ৰ আশ্বাস প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই ঘটনাত নিহত সকললৈ ২লাখ আৰু আহত সকললৈ ৫০হাজাৰ টকাৰ সাহায্যৰ ঘোষণা কৰিছে।
সমগ্ৰ ঘটনাক শোকাৱহ আখ্যা দি প্ৰধানমন্ত্ৰীয়ে সকলো প্ৰকাৰৰ সহায় আশ্বাস দিয়াৰ লগতে ক্ষতিগ্ৰস্তসকলক সৰ্বতো প্ৰকাৰৰ সহযোগিতাৰ নিৰ্দেশ দিয়ে। কেৰালাৰ মুখ্যমন্ত্ৰীকো ফোনযোগে এই ঘটনাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে।
কেৰালাৰ প্ৰতিকূল পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বহুকেইখন ৰেল চলাচল বন্ধ ঘোষণা কৰিছে ৰেল বিভাগে।
বাতিল কৰা ৰেল কেইখন হৈছে-
1) Train No. 16305 Ernakulam – Kannur Intercity Express will be short terminated at Thrissur.
2) Train No. 16791 Tirunelveli – Palakkad Palaruvi Expres will be short-terminated at Aluva.
3) Train No. 16302 Thiruvananthapuram – Shoranur Venad Express will be short-terminated at Chalakkudy.
ৱায়ানাডত উদ্ধাৰ অভিযানৰ বাবে কুকুৰ দল পঠাবলৈ সাজু কৰিছে সেনাবাহিনীয়ে ..
বাতৰি মতে কিছুসময় আগতে মুণ্ডাক্কাইত আন এটা ভূমিস্খলনে আঘাত কৰে..
ভূমিস্খলনত আক্ৰান্ত মুণ্ডাক্কাই অঞ্চলৰ বিশাল চাহ, কফি আৰু ইলাচি বাগিচাত নিয়োজিত হৈ থকা পশ্চিমবংগ আৰু অসমৰ প্ৰব্ৰজিত শ্ৰমিককে ধৰি শতাধিক শ্ৰমিক নিৰুদ্দেশ হোৱাৰ আশংকা….
ৰাস্তা-ঘাট উটুৱাই নিয়াৰ ফলত জিলা কৰ্তৃপক্ষ আৰু বাগিচা কোম্পানীৰ বিষয়াসকলে এতিয়ালৈকে তেওঁলোকৰ কাষ চাপিব পৰা নাই….
Discussion about this post