মুম্বাইৰ এগৰাকী ২৭ বছৰীয়া প্ৰভাৱশালী ইনফ্লুৱেনচাৰ অনভি কামদাৰৰ মৃত্যু। অনভি কামদাৰ ভ্ৰমণৰ লগত জড়িত ইনফ্লুৱেনচাৰ হিচাপে ছ’চিয়েল মিডিয়াত জনপ্ৰিয় আছিল। তেওঁ ডেৰ-দুই লাখৰো অধিক ফ’ল’ৱাৰৰ সৈতে বিভিন্ন ভ্ৰমণৰ ফটো আৰু কাহিনী শ্বেয়াৰ কৰিছিল। সুযোগ পালে অকলে বা বন্ধু-বান্ধৱীৰ লগত আগতেও ৰীল আৰু ভিডিঅ’ বনাইছিল ওলাই গৈছিল। । কিন্তু কোনে ভাবিছিলে যে ৰীল বনাই থাকোঁতেই মুম্বাইৰ তৰুণী অনভী কামদাৰে মৃত্যুক সাৱটি ল’ব !
জানিব পৰা মতে, পেছাত চাৰ্টাৰ্ড একাউণ্টেণ্ট অনভীয়ে মঙলবাৰে অৰ্থাৎ ১৬ জুলাইত মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মঙাওঁৰ বিখ্যাত কুম্ভ জলপ্ৰপাতত বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ গৈছিল। বাৰিষাৰ সময়ত এই জলপ্ৰপাতটোলৈ বহু পৰ্যটকৰ ভিৰ হয়। তালৈ গৈ অনভী জলপ্ৰপাতৰ একেবাৰে দাঁতিলৈ গৈ ৰীল এটা বনাবলৈ গ’ল। কিন্তু নিজকে চম্ভালিব নোৱাৰি অনভী পিছলি ৩০০ ফুট দ খাৱৈত পৰিল।
এই ঘটনাত বন্ধুসকলে লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষী আৰু উপকূলৰক্ষী বাহিনীয়ে যুৱতীগৰাকীক খাৱৈৰ পৰা উদ্ধাৰ কৰিবলৈ আগবাঢ়ে। ৩০০ ফুটতকৈ অধিক দ খাৱৈৰ পৰা ছয় ঘণ্টীয়া প্ৰচেষ্টা চলাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক উদ্ধাৰ কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পাছত তেওঁৰ মৃত্যু হয়।
Discussion about this post