ভাৰতৰ প্ৰাক্তন বেটছমেন তথা প্ৰশিক্ষক অংশুমান গায়কোৱাড়ে (Anshuman Gaekwad) ৰক্ত কৰ্কট ( blood cancer) ৰোগৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত বুধবাৰে (৩১ জুলাই) বদোদৰাৰ ভৈলাল আমিন জেনেৰেল (Bhailal Amin General Hospital in Vadodara) হস্পিতালত ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
অংশুমান গায়কোৱাড় আছিল এজন নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটছমেন। পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ইনিংছ ২০১ মাৰাথন ন’ক (marathon knock) আছিল য’ত তেওঁ ক্ৰীজত ১১ ঘণ্টাৰো অধিক সময় কটায়, সেয়া আছিল তেওঁৰ একাগ্ৰতা আৰু ধৈৰ্য্য শক্তিৰ প্ৰতীক (symbolising)।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে গায়কোৱাড়ে ২২ বছৰীয়া কেৰিয়াৰত দেশৰ হৈ ৪০ খন টেষ্ট খেলিছিল। ১৯৭৪ চনত কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক ঘটা অংশুমানে ৪০খন টেষ্টত ৩০.০৭ গড়ে ১৯৮৫ ৰান সংগ্ৰহ কৰিছিল।
তেওঁৰ নামত আছে দুটা শতক আৰু ১০ টা অৰ্ধশতক। সৰ্বাধিক ৰান হৈছে ২০১। ইয়াৰোপৰি ১৫খন এদিনীয়া মেচ খেলিছিল অংশুমানে। ২০.৬৯ গড়ে ২৬৯ ৰাণ সংগ্ৰহ কৰিছিল এদিনীয়া সংস্কৰণত।
এইগৰাকী প্ৰবীণ ক্ৰিকেটাৰৰ বিয়োগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বি চি চি আই, ৰাহুল দ্ৰাবিড়, কপিল দেৱ তথা আন আন বহুসংখ্যক লোকে শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে সামাজিক মাধ্যমত কয় –‘অংশুমান গায়কোৱাড়জীক ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে স্মৰণ কৰা হ’ব। তেওঁ এজন প্ৰতিভাশালী খেলুৱৈ আৰু এজন উৎকৃষ্ট প্ৰশিক্ষক আছিল। তেওঁৰ মৃত্যুত দুখ পাইছো। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।‘
Discussion about this post