Tokyo Olympic 2020ত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ’ল অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহায়ে। চাইনীজ টাইপেৰ খেলুৱৈক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল লাভলীনাই। কিন্তু ছেমী ফাইনেলত তুৰ্কীৰ বক্সাৰ Busenaz Surmeneliৰ হাতত পৰাস্ত হয় লাভলীনাই।
ব্ৰঞ্জৰ পদক অৰ্জন কৰিয়েই পুনৰ অসমলৈ উভতি আহে লাভলীনা বৰগোঁহায়ে। লাভলীনাৰ সফলতাৰ পিছত ৰাজ্য চৰকাৰে লাভলীনালৈ ৫০ লাখ টকাৰ পুৰস্কাৰৰ লগতে প্ৰথম শ্ৰেণীৰ চাকৰি প্ৰদানৰ কথা ঘোষণা কৰিল।
বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাভলীনা বৰগোঁহাইক অভিনন্দন জনায়। ব্ৰঞ্জৰ পদক অৰ্জনৰ পিছতে লাভলীনাক বৰগোঁহাইক ৰাজ্য চৰকাৰে পুৰস্কাৰ হিচাপে প্ৰদান কৰে ১ কোটি টকা।
লগতে সৰুপথাৰত ২৫ কোটি টকাৰে ক্ৰীড়া প্ৰকল্প। DSP পদত নিযুক্তি। লাভলীনা বৰগোঁহাইৰ নামেৰে এটা পথ হ’ব গুৱাহাটীত। পেৰিছ অলিম্পিকপৰ্যন্ত প্ৰতিমাহে ১ লাখকৈ প্ৰদান কৰা হ’ব। ইফালে লাভলীনাৰ ৪ গৰাকী প্ৰশিক্ষকক দিয়া হ’ব ১০ লাখকৈ টকা।
Photo: Facebook
Discussion about this post