স্বৰ্ণ জয়েৰে পুনৰ অভিলেখ ৰচিলে গল্ডেন বয় নীৰজ চোপ্ৰাই (Golden Boy Neeraj Chopra)। ছুইজাৰলেণ্ডৰ জুৰিখত (Zurich) অনুষ্ঠিত ডায়মণ্ড লীগৰ ফাইনেলত (Diamond League Final) জয়ী হৈ প্ৰথমগৰাকী ভাৰতীয় হিচাপে পুনৰবাৰ নতুন ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই।
ডায়মণ্ড লীগৰ দ্বিতীয়টো প্ৰচেষ্টাত ৮৮.৪৪ মিটাৰ জেভলিন থ্ৰ’ৰে (Javelin Throw) নীৰজে (Golden Boy Neeraj Chopra) ইতিহাস ৰচিবলৈ সক্ষম হয়। বৃহস্পতিবাৰে ২৪ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে এই ইতিহাস ৰচনা কৰে।
Golds,Silvers done, he gifts a 24-carat Diamond 💎 this time to the nation 🇮🇳🤩
Ladies & Gentlemen, salute the great #NeerajChopra for winning #DiamondLeague finals at #ZurichDL with 88.44m throw.
FIRST INDIAN🇮🇳 AGAIN🫵🏻#indianathletics 🔝
X-*88.44*💎-86.11-87.00-6T😀 pic.twitter.com/k96w2H3An3
— Athletics Federation of India (@afiindia) September 8, 2022
টকিঅ’ অলিম্পিকত স্বৰ্ণজয় (Olympic Gold Medallist), বিশ্ব এথলেটিকছত ৰূপৰ পদক অৰ্জন কৰাৰ পিছতে ডায়মণ্ড লীগতো চেম্পিয়নৰ খিতাপ দখল কৰে নীৰজে। নীৰজে চেক গণৰাজ্যৰ জাকুব ভাল্ডজ আৰু জাৰ্মানীৰ জুলিয়ান ৱেবাৰক পৰাস্ত কৰি এই ইতিহাস ৰচিবলৈ সক্ষম হয়।
ডায়মণ্ড লীগ ফাইনেলত (Diamond League Final) স্বৰ্ণ জয় কৰি দেশৰ প্ৰথমগৰাকী এথলিট হিচাপে পৰগণিত হয়। জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক দখল কৰাৰ সেই খেলৰ প্ৰদৰ্শনৰ সময়ত আঘাত পাইছিল নীৰজে। যাৰ বাবে বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছিল নীৰজ। ২৪ বছৰীয়া নীৰজ চোপ্ৰাৰ সফলতাত উৎফুল্লিত দেশবাসী।
Photo: Google
Discussion about this post