লেজেণ্ডছ লীগ ক্ৰিকেটৰ (LLC) ফাইনেল মেচখন অনুষ্ঠিত হ’ব এনে এক ষ্টেডিয়ামত, য’ত সুদীৰ্ঘ ৪০ বছৰ ধৰি কোনো মেচ অনুষ্ঠিত হোৱা নাই ৷ এই ৰোমাঞ্চকৰ প্ৰতিযোগিতাৰ তৃতীয় ছিজন আৰম্ভ হ’ব ২০ ছেপ্টেম্বৰত ।
কাশ্মীৰৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা ডাঙৰ খবৰ । এক ঐতিহাসিক পদক্ষেপত লেজেণ্ডছ লীগ ক্ৰিকেট (LLC) ৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব শ্ৰীনগৰত । এই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন ২০২৪ চনৰ অক্টোবৰত শ্ৰীনগৰৰ বক্সী ষ্টেডিয়ামত (Bakshi stadium) অনুষ্ঠিত হ’ব । প্ৰায় চাৰি দশকৰ ভিতৰত এইবেলি প্ৰথমবাৰৰ বাবে শীৰ্ষ ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট তাৰকাসকলে শ্ৰীনগৰত উপস্থিত হৈ খেলত অংশগ্ৰহণ কৰিব ।
এল এল চিয়ে ২০ ছেপ্টেম্বৰত ৰাজস্থানৰ যোধপুৰৰ বৰকাতুল্লা খান ষ্টেডিয়ামত ইয়াৰ নতুন ছিজন আৰম্ভ কৰিব । অতি উৎসাহেৰে এল এল চিৰ সহ-প্ৰতিষ্ঠাপক ৰমেন ৰহেজাই এই খেল সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল “কাশ্মীৰৰ জনসাধাৰণৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ মুহূৰ্ত, যিসকলে অৱশেষত প্ৰায় ৪০ বছৰৰ পিছত ক্ৰিকেটৰ পোনপটীয়া খেল উপভোগ কৰিবলৈ সক্ষম হ’ব । ই ক্ৰিকেটাৰসকলক কাশ্মীৰৰ অতুলনীয় সৌন্দৰ্য আৰু পৰিৱেশ অনুভৱ কৰাৰ সুযোগ দিব” ৷
প্ৰতিযোগিতাখনৰ আগতে আজি (২৯ আগষ্ট) নতুন দিল্লীত অনুষ্ঠিত হ’ব খেলুৱৈসকলৰ নিলাম । ফ্ৰেঞ্চাইজিবোৰে (Franchises) ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট দুয়োটা দিশৰে সৰ্বশ্ৰেষ্ঠ খেলুৱৈসকলে স্বাক্ষৰ কৰিব ৷ এই বাছনিৰ বাবে ২০০ ৰো অধিক খেলুৱৈ উপলব্ধ হ’ব ।
Discussion about this post