অসমত ২৪ ঘণ্টাত দুটাকৈ ধৰ্ষণকাৰী আৰক্ষীৰ গুলীত নিহত হৈছে (Two Rapist Encounter) । ইয়াৰে এটা ঘটনা গুৱাহাটীত (Guwahati) আৰু আনটো ঘটনা ওৰাঙত (Orang) সংঘটিত হয়। গুৱাহাটীত বিকী আলী (Biki Ali) নামৰ নৰপিশাচটো নিহত হোৱাৰ বিপৰীতে ওৰাঙত ৰাজেশ মুণ্ডা (Rajesh Munda) নামৰ শিশু বলাৎকাৰীটো আৰক্ষীৰ গুলীত নিহত হয়। দুয়ো আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাইছিল।
গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ এনকাউণ্টাৰত (Encounter) মৃত্যু। যোৱা সপ্তাহত গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ গুলীত (Guwahati Police) নিহত হৈছে (Police Firing)। নিহত হোৱা অভিযুক্তজন বিকি আলী বুলি চিনাক্ত কৰা হৈছে। ধৰ্ষণ কাণ্ডটো সংঘটিত হোৱাৰ প্ৰায় এসপ্তাহ পিছত মঙলবাৰে কামৰূপৰ দামপুৰৰ পাহাৰৰ পৰা বিকি আলীক গ্ৰেপ্তাৰ কৰিছিল।
গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ আনি থাকোতেই বিকি আলীয়ে পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীৰ গুলীত নিহত হয় বিকি আলী। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত একো মন্তব্য কৰা নাই যদিও মাজনিশাই বিকি আলীক জি এম চি এইছলৈ (GMCH) লৈ অনা হয়।
উল্লেখ্য যে, বিগত সপ্তাহত সংঘটিত হোৱা এই দলবদ্ধ ধৰ্ষণ কাণ্ডই (Gang Rape) ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। পাঁচজন পাষণ্ডই মিলি এখন হোটেললৈ লৈ গৈ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি সেই সমগ্ৰ ঘটনা কেমেৰাত বন্দী কৰিছিল।
এই ঘটনাৰ পিছতে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে পাণবজাৰ মহিলা থানাত 19/22 US 376(D) IPC , RW SEC. 6 POSCO ACT, RW 67 (B) IT ACT-ৰ অধীনত পাষণ্ড কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
ধৰ্ষণকাণ্ড সংঘটিত কৰা পাষণ্ড কেইজনক চিনাক্ত কৰি আৰক্ষীয়ে নামবোৰ প্ৰকাশ কৰিছিল। বিকি আলীৰ উপৰি ধৰ্ষণত জড়িত থকা বাকী কেইজন পাষণ্ড হ’ল ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী। বৰ্তমান পলাতক অৱস্থাত থকা বাকী চাৰিজন ধৰ্ষণকাৰীক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
লগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই কয়, ‘‘বিকি আলীৰ দেহৰ ৪ স্থানত আঘাতৰ চিন আছে। তিনিটা স্থান দেহৰ পাছফালে আৰু এটা সন্মুখৰ ফালে।
ইফালে, ওৰাঙৰ ধনশ্ৰী চাহ-বাগিচাত ৭ বছৰীয়া কন্যা এগৰাকীক বলাৎকাৰ কৰি হত্যা কৰিছিল ৰাজেশ মুণ্ডাই। ১০ মাৰ্চৰ নিশা সংঘটিত হৈছিল এই ধৰ্ষণৰ ঘটনা। সমীপৰ এঘৰত বিয়া খাবলৈ যাওঁতে পাশণ্ডই ধৰ্ষণ কৰি হত্যা কৰিছিল কনমাণিজনীক। অভিযুক্তক মঙলাবেৰ দিনৰ ১২ বজাত বাইহাটা চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ওদালগুৰি আৰক্ষীয়ে (Udalguri Police) । নিশা ধৰ্ষণৰ স্থান দেখুৱাবলৈ আৰক্ষীক লৈ গৈছিল অভিযুক্তই। আৰক্ষীৰ জিম্মাত থকা অৱস্থাতেই আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে কৰে এনকাউণ্টাৰ। বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মৃতদেহ।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/viral-video-social-media-thief-demo-how-to-theft-bike/7594/
Discussion about this post