আৰক্ষীৰ পৰা বাচিবলৈ চোৰে নতুন নতুন উপায় অৱলম্বন কৰে। কিন্তু কেতিয়াবা কেতিয়াবা সফল হয় আৰু কেতিয়াবা বিফল হয়। সেই একে ঘটনা নগাঁৱৰ (Nagaon) এটা চোৰৰ সৈতে সংঘটিত হৈছে। একপ্ৰকাৰে ক’ব গ’লে ধৃত চোৰ ইকবাল হুছেইনৰ আজি শনি লাগিল। ইমানদিনে ধৰা পৰা নাছিল আজি পৰিল, তাৰ পিছত পলাল কিন্তু লাভ নহ’ল আকৌ পৰিল ধৰা। সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ।
নগাঁও সদৰ আৰক্ষী থানাৰ (Nagaon Sadar Police Thana) অন্তৰ্গত মৰিকলং আৰক্ষী (Morikolong Police) চকীৰ পৰা এটা চোৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ অপচেষ্টা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মৰিকলঙৰ সমীপৰ ভোটাইআটিৰ পৰা ইকবাল হুছেইন নামৰ এটা গভাইত চোৰক শনিবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে কৰায়ত্ত কৰি মৰিকলং আৰক্ষীক গতাই দিছিল।
আৰক্ষীয়ে ধৃত চোৰটোক আৰক্ষী চকীৰ ভিতৰত ৰাখে যদিও চোৰটোৱে প্ৰস্ৰাৱ কৰিব যোৱা চলেৰে পলায়ন কৰে। তাকো হাতত হেণ্ডকাফ লৈয়ে পলায়ন কৰে চোৰটোক (Thief Runaway With Handcuff)। আৰক্ষীয়ে পুনৰ ধৰিব বুলি ৰাস্তাৰে নগৈ আৰক্ষী চকীখনৰ সন্মুখত থকা মৰিকলং বিলত (Morikolong) জঁপিয়াই সাতুৰি সাতুৰি পলায়নৰ অপচেষ্টা কৰে।
চোৰটো কেনেকৈ পলায়ন কৰিলে তাৰ ততেই ধৰিব নোৱাৰিলে আৰক্ষীয়ে। এই লৈ আজি আৰক্ষীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। প্ৰায় এঘণ্টা সময় চোৰটোক বিচাৰি পানীমেটেকাৰ মাজত আৰক্ষীয়ে চলালে অভিযান। অৱশেষত মৰিকলং বিলত পানী মেটেকাৰ ভিতৰত লুকাই থকা অৱস্থাত কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে ধৃত চোৰটোৰ ঘৰ জুৰীয়াৰ (Juria) সমীপৰ দগাঁৱত বুলি জানিব পৰা গৈছে। চোৰটোৱে দীৰ্ঘদিন ধৰি নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন ঠাইত মানুহৰ ঘৰত কৌশলেৰে সোমাই মোবাইল, নগদ ধন আদিকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কাৰ্যত লিপ্ত থকাৰ অভিযোগ আছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post