চাহ-পানীৰ খৰচৰ বাবে ৫ হাজাৰ টকাৰ ঘোচ (Bribe) লোৱা আৰক্ষী বিষয়াক (Police Officer) গ্ৰেপ্তাৰ (Arrest)। কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ (Karimganj Patharkandi Police station) উপ-পৰিদৰ্শক (Sub Inspector) জিতেন্দ্ৰ সিঙে (Jitendra Singha) চাহ-পানীৰ খৰচৰ বাবে দাবী কৰিছিল ৫ হাজাৰ টকা।
গোপন কেমেৰাত বন্দী জিতেন্দ্ৰ সিঙৰ উকোচ (Bribe) লোৱাৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত (Social Media)। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ টুইটৰ (GP Singh) পিছতে কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ যাদব পাথাৰকান্দি থানাত উপস্থিত হৈ ঘটনাৰ তদন্ত চলাই অভিযুক্ত উপ-পৰিদৰ্শক জিতেন্দ্ৰ সিঙক আটক কৰে।
উল্লেখ্য এটা পুলিচ ৰিপ’ৰ্টৰ বাবে আৰক্ষী বিষয়া জিতেন্দ্ৰ সিঙে এজন লোকৰ পৰা বিচাৰিছিল পাচ হাজাৰ টকা। জিতেন্দ্ৰ সিঙৰ (Jitendra Singha) এই কাণ্ড গোপন কেমেৰাত বন্দী কৰি ভাইৰেল কৰিছিল ভুক্তভোগী লোকজনে।
Photo: Khatang Khobor
Discussion about this post