বেংগালুৰুত (Bengaluru) সংঘটিত হৈছে এক অমানুষিক ঘটনা। কিমান নিষ্ঠুৰ হ’লে এগৰাকী মাতৃয়ে প্ৰাণ ল’ব পাৰে নিজ সন্তানৰ। এগৰাকী হৃদয়হীন মাতৃয়ে নিজৰ ৪ বছৰীয়া জীয়েকক চতুৰ্থ মহলাৰ পৰা তললৈ পেলাই দিছিল (Woman Was Throwing Her Four Year Old Daughter From The Balcony Of Their Fourth Floor Apartment)। এই শোকাৱহ ঘটনাটোত (Tragic Incident) শিশুটিয়ে কৰুণ মৃত্যুক (Baby Died) সাৱটি লয়। এই ঘটনাটো ৪ আগষ্টত সংঘটিত হৈছিল। জানিবলৈ দিয়া অনুসৰি ৪ আগষ্টত বেংগালুৰু চেণ্ট্ৰেল ডিভিজনৰ এছআৰ নগৰৰ (Bengaluru’s SR Nagar) এটা এপাৰ্টমেণ্টত অভিযুক্ত মহিলাগৰাকীয়ে নিজৰ ছোৱালীজনীক চতুৰ্থ মহলাৰ পৰা তললৈ দলিয়াই দিছিল। এই সমগ্ৰ ঘটনা তাত স্থাপন কৰা চিচিটিভি ফুটেজত (Distressing CCTV Footage) বন্দী হৈছিল। ইফালে চতুৰ্থ মহলাৰ পৰা পৰি যোৱাৰ ফলত শিশুটিৰ ঘটনাস্থলীতে মৃত্যু হয়।
Watch Video: –
এই কথাটো কোৱা হৈছে যে ছোৱালীজনী মুকবধিৰ (Girl Was Hearing And Speech Impaired) আছিল। ই কথাটোক লৈ মাক যথেষ্ট চিন্তাত আৰু হতাশাত আছিল। ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত মাতৃক গ্ৰেপ্তাৰ কৰিছে আৰু গোচৰটোৰ তদন্ত চলি আছে। অভিযুক্ত মহিলাগৰাকী এগৰাকী অনুশীলন নকৰা দন্ত চিকিৎসক (Dentist) আৰু ছোৱালীজনীৰ পিতৃ এগৰাকী ছফ্টৱেৰ অভিযন্তা (Software Engineer)।
Photo: Google
Discussion about this post