ৰঙিয়াত (Rangia) অঘটন। দুই প্ৰেমিক-প্ৰেমিকাৰ (Lovers) আত্মহনন (Suicide)। ঘটনাটোৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ৰে’লৰ আগত পৰি আত্মহত্যা কৰিলে এজন যুৱক আৰু এগৰাকী কিশোৰীয়ে। ঘটনাটো সংঘটিত হৈছে ৰঙিয়াৰ (Rangia) উদিয়ানাত। মৃত প্ৰেমিক-প্ৰেমিকা হৈছে ৰঙিয়াত ভাৰাতীয়া হিচাপে থকা মঙলদৈৰ ২০ বছৰীয়া মইনুল হক আৰু ৰঙিয়াৰ উদিয়ানাৰ ১৫ বছৰীয়া চবনম চুলতানা।
দেওবাৰে পুৱাৰ ভাগত ৰঙিয়াৰ উদিয়ানা উত্তৰপথাৰৰ ৰে’ল লাইনত দুটা মৃতদেহ (DeadBody) প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। এজন যুৱক আৰু এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
পিছত মৃত কিশোৰীগৰাকী নৱম শ্ৰেণীত পঢ়ি থকা উদিয়ানাৰ চবনম চুলতানা বুলি চিনাক্ত কৰা হয়। আনহাতে মৃত যুৱকজন ৰঙিয়াত ভাৰাতীয়া হিচাপে থকা মঙলদৈৰ মূল নিবাসী মইনুল হক বুলি চিনাক্ত কৰে।
কিশোৰীগৰাকীৰ অপঘাত মৃত্যুত পৰিয়ালটোৰ লগতে গাঁওখনত শোকৰ ছাঁ পৰে। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। কিন্তু কি কাৰণত দুয়োজনে আত্মহননৰ দৰে চূড়ান্ত পথ বাচি ল’লে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ।
Photo & Input: চফিকুল আহমেদ
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-1-bike-rider-died-at-narayanpur-in-assam/5628/
Discussion about this post