চিৰাং জিলাৰ (Chirang District) বাসুগাঁৱত বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক জয়ন্ত দেৱনাথক আৰক্ষীৰ নিৰ্মমভাৱে প্ৰহাৰ (Journalist Attack) ৷ বাসুগাঁও আৰক্ষী (Basugaon Police) চকীৰ প্ৰদীপ সাহা আৰু এল এন বৰ্মন নামৰ কনিষ্টবল দুজনে হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰি সাংবাদিক জয়ন্ত দেৱনাথে প্ৰশ্ন কৰাত ক্ষুব্ধ হৈ আৰক্ষী কনিষ্টবলে মাৰিলে গোৰ, শোধালে চৰ।
আইন সকলোৰে বাবে সমান নহয় নেকি বুলি প্ৰশ্ন কৰি মোবাইলৰে আৰক্ষীৰ এই দৃশ্য ভিডিঅ’ কৰাৰ বাবে আৰক্ষী জোৱানে সাংবাদিকজনক অশ্ৰাব্য ভাষাৰে গালি গালাজ কৰাৰ লগতে ৰাজপথতে নিৰ্মমভাৱে প্ৰহাৰ। আঘাতপ্ৰাপ্ত জয়ন্ত দেৱনাথক (Journalist Attack) চিকিৎসকে শাৰীৰিক পৰীক্ষা কৰাৰ অন্তত বঙাইগাঁৱৰ লৱাৰ আছাম নাৰ্ছিং হোমত চিকিৎসাৰ কৰা হয়।
ইফালে চিৰাং জিলাৰ উপ–আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকা উপস্থিত হৈ সাংবাদিক জয়ন্ত দেবনাথৰ এজাহাৰৰ ভিত্তিত দুই আৰক্ষী কনিষ্টবলক আৰক্ষী দুগৰাকীক ৰিজাৰ্ভ ক্ল’জ কৰা হয়। জাৰ্নেলিষ্ট এছ’চিয়েচন অৱ আছামকে ধৰি কেইবাটাও সংগঠনে এই ঘটনাক গৰিহণা দিছে৷
Reference altercation between a journalist and policemen at Basugaon, Chirang, SP @chirangpolice has been directed to take appropriate action against erring policemen. The incident is regretted and @assampolice personnel are being adequately sensitised.
— GP Singh (@gpsinghips) February 7, 2022
এই ঘটনাৰ পিছতে চিৰাঙৰ সাংবাদিক জয়ন্ত দেৱনাথৰ আক্ৰমণৰ বিৰুদ্ধে বকোত প্ৰতিবাদ (Protest At Boko)। বকো প্ৰেছ ক্লাৱৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত। বকো গান্ধী মৈদানত ক’লা বেজ পিন্ধি প্ৰতিবাদ কৰে বকোৰ সাংবাদিকসকলে। সাংবাদিকৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ দাবী প্ৰতিবাদকাৰী সাংবাদিকসকলৰ। সাংবাদিকৰ নিৰাপত্তাৰ দাবী কৰিলে প্ৰতিবাদীসকলে। দোষী আৰক্ষী জোৱানক কঠোৰ শাস্তিৰ দাবী।
Photo & Video: Pritam Bayan
Discussion about this post