হোজাইত (Hojai) আৰক্ষীৰ তৎপৰতাত চুৰি হোৱা সামগ্ৰী উভতাই পালে এগৰাকী দোকানীয়ে। ২০ অক্টোবৰত শিৱবাৰীত চুৰি হৈছিল মঞ্জু মালাকাৰৰ দোকানত।
চুৰে লুটি লৈ গৈছিল দাইল, মিঠাতেল আৰু অন্যান্য সামগ্ৰী। আৰক্ষীয়ে দোকানীক চমজাই দিছে চুৰি হোৱা দালি এবস্তা আৰু মিঠাতেল।
চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতে ২১ অক্টোবৰত দোকানীয়ে হোজাই থানাত (Hojai Police) দাখিল কৰিছিল এজাহাৰ। উক্ত এজাহাৰৰ পিছত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত চোৰৰ (Thief) সন্ধানত অধিক তৎপৰ হৈছিল হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধি। আৰক্ষীয়ে গ্ৰহণ কৰা তৎপৰতাৰ বাবে মাত্ৰ কেইদিনমানৰ ভিতৰতে তিনিটা গভাইত চোৰ ক্ৰমে দেৱাশীষ দে, আচ্ছাৰ আলী আৰু ৰুহুল ইছলামক গ্ৰেপ্তাৰ কৰি উদ্ধাৰ কৰে মিঠাতেল, দাইল, চিগাৰেট, মুখত ঘহা ক্ৰীমকে আদি কৰি বহু চুৰি সামগ্ৰী।
আৰক্ষীৰ এনে ব্যৱস্থাৰ বাবে মঞ্জু মালাকাৰে তেওঁৰ দোকানৰ পৰা চুৰি হোৱা মিঠাতেল, ৰিফাইন আৰু মগু দাইল ঘূৰাই পোৱাত আৰক্ষীৰ তৎপৰতাক শলাগ লৈছে।
Photo & Input: নিপন থাউচ্ছেন
আৰু পঢ়কঃ https://khatangkhobor.com/news/petrol-diesel-price-drop-in-assam-announce-himanta-biswa-sarma/4157/
Discussion about this post