শনিবাৰে গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজকন্যা বৰুৱা নামৰ এগৰাকী যুৱতীয়ে সুৰামত্ত অৱস্থাত গাড়ী চলাই নিশা ২ বজাত কৰিছিল এই দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোত ৰাস্তাত কাম কৰি থকা ৯ জন শ্ৰমিকক মহটিয়াই নিছিল ৰাজকন্যা বৰুৱাই। আহত আটাই কেইজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান ৮জন শ্ৰমিকক হাস্পতালৰ পৰা ৰিলিজ কৰি দিয়া হৈছে যদিও এজন শ্ৰমিকৰ অৱস্থা যথেষ্ট সংকটজনক। দুৰ্ঘটনাটোত যোচেফ নামৰ শ্ৰমিকজনৰ এখন ভৰি ছিঙি গৈছিল কিন্তু এতিয়া চিকিৎসকে আনখন ভৰিও কাটিবলৈ বাধ্য হ’ল।
কিন্তু ইমান ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতো কেনেকৈ ১ দিন পিছতেই জামিন লাভ কৰিলে ৰাজকন্যা বৰুৱাই? আৰক্ষীয়ে ৰাজকন্যাৰ বিৰুদ্ধে ৰুজু কৰিছিল এই কেইটা ধাৰা-
২৭৯ ধাৰাঃ দ্ৰুত গতিৰে গাড়ী চলোৱা, যিটো জামিনযোগ্য।
৩৩৮ ধাৰাঃ দ্ৰুত গতিৰে গাড়ী চলাই মানুহ খুন্দিওৱা, এইটোও জামিনযোগ্য ধাৰা
২৯৪ ধাৰাঃ ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা, এইটোও জামিনযোগ্য ধাৰা।
৩৫৩ ধাৰাঃ কৰ্তব্যৰত আৰক্ষী বা চৰকাৰী কৰ্মীক বাধা প্ৰদান কৰা, এইটোও জামিনযোগ্য ধাৰা।
কিন্তু কি কি অভিযোগত আৰক্ষীয়ে প্ৰয়োগ নকৰিলে ধাৰাঃ
১. সুৰামত্ত অৱস্থাত গাড়ী চলোৱা।
২. সুৰামত্ত অৱস্থাত গাড়ী চলাই মানুহ খুন্দিওৱা বা আহত কৰা।
৩. সান্ধ্য আইন ভংগ কৰি ৰাজপথেৰে গাড়ী চলাই অহা। ( সমগ্ৰ ৰাজ্যতে নিশা ১০ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হয়)।
৪. ৰাজকন্যা বৰুৱাই Disaster Management Act ভংগ কৰিছে আৰু আৰক্ষীয়ে এই সন্দৰ্ভত কোনো গোচৰ ৰুজু কৰা নাই।
উল্লেখ্য যে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্ত ঘোষণা কৰিছে। ৰাজকন্যাক জামিনৰ সুযোগ দিয়া আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।
Photo: Khatang Khobor
Discussion about this post