ৰাজ্যত (Assam) পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ (Encounter) ঘটনা। এইবাৰ স্থান বিশ্বনাথ (Biswanath Police)। আৰক্ষীৰ গুলীত আহত হয় বিশ্বনাথ বালিপুখুৰীৰ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া শিৱা ভূঞা (Siva Bhuyan) ওৰফে সুজল ভূঞা।
শুকুৰবাৰে বিশ্বনাথ জিলা অৰক্ষীয়ে (Biswanath District Police) অভিযান চলাই বাসগৃহৰ পৰা আটক কৰিছিল ড্ৰাগছ মাফিয়া (Drugs Mafia) শিৱা ভূঞাক। ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত বিশ্বনাথৰ আন আন ড্ৰাগছ মাফিয়াক চিনাক্ত কৰাবলৈ নিশা ধৃত শিৱা ভূঞাক লৈ অভিযান চলায় আৰক্ষীয়ে।
কিন্তু সেই সময়তে বিশ্বনাথৰ পেটেলিবাৰীৰ সমীপত আৰক্ষীৰ দলটোক বিপথে পৰিচালিত কৰি ড্ৰাগছ মাফিয়াটো (Drugs Mafia) গাড়ীৰ পৰা জঁপিয়াই আন্ধাৰৰ সুযোগ লৈ পলায়নৰ চেষ্টা চলায়। কিন্তু আৰক্ষীয়ে বাধ্য হৈ গুলী চলাবলৈ হয় বাধ্য। ফলত বাওঁ ভৰিত লাগে গুলী। আহত অৱস্থাত শিৱা ভূঞাক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নিশাৰ ভাগতে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ (Tezpur Medical College) প্ৰেৰণ কৰা হয়।
Photo & Input: Khatang Khobor
Discussion about this post