এইবাৰ নগাঁও আৰক্ষীৰ জালত পৰিছে দুই ভুৱা আৰক্ষী বিষয়া। নগাওঁ আৰক্ষীয়ে এক অভিযোগৰ ভিত্তিত সোমবাৰে নিশা অভিযান চলাই এগৰাকী মহিলাসহ ২ ভুৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই দুই ভুৱা আৰক্ষী হ’ল- বঢ়মপুৰ আদৰ্শ গাঁৱৰ ৰাজীৱ বৰদলৈ আৰু চলচলি মুছলিম গাঁৱৰ ইবটিছাম আহমেদ।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এটা অপৰাধীক মোকলাই দিয়াৰ নামত এগৰাকী মহিলাৰ পৰা ৫০ হাজাৰ টকা দাবী কৰিছিল ধৃতদ্বয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দম্পত্তীয়ে ভুক্তভোগী মহিলাগৰাকীক নিজকে নগাঁও আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত বুলি পৰিচয় দিছিল।
উল্লেখ্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজীৱ বৰদলৈৰ বিৰুদ্ধে ইতিপূৰ্বেও বহু অপৰাধজনিত অভিযোগ আছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post