ৰঙিয়াৰ পিতাম্বৰ হাট বজালীৰ বদিৰ আলীৰ হত্যাকাণ্ডত জড়িত এটা এটাকৈ পৰিছে আৰক্ষীৰ জালত। আৰক্ষীৰ Crime Sceneত নৃশংস হত্যাকাণ্ডৰ কথা পোহৰলৈ আহিছে। প্ৰথম অৱস্থাত অভিযোগ অনুসৰি, পত্নী আৰু পত্নীৰ অবৈধ প্ৰেমিকে হত্যা কৰিছিল বদিৰ আলী নামৰ লোকজনক। কিন্তু সুদীৰ্ঘ ৩ মাহৰ অন্ততঃ ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিত নাথৰ তদন্তত ওলাই পৰিছে এটাৰ পিছত আন এটা ন ন তথ্য।
বিগত বৰ্ষৰ ২৭ ডিচেম্বৰৰ নিশা বদিৰ আলীক নিজৰ ঘৰতেই নৃশংসভাৱে হত্যা কৰা হৈছিল। প্ৰথমাৱস্থাত তেওঁৰ পত্নী চেমিমা আখতাৰ ওৰফে আখেৰী আৰু পত্নীৰ অবৈধ প্ৰেমিক নেকিব আলীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপিত হৈছিল। কিন্তু তদন্ত ক্ষিপ্ৰ হোৱাৰ লগে লগে এই ঘটনাত জড়িত আন দুজন অভিযুক্তৰ নাম পোহৰলৈ আহে। বদিৰ আলীৰ পুত্ৰ ৰমজান আলী আৰু ৰমজান আলীৰ বন্ধু তথা নেকিব আলীৰ অধীনত কাম কৰা মিৰাজুল আজাদ।
আৰক্ষীৰ তদন্তৰ পৰা জানিব পৰা গৈছে যে, এই হত্যাকাণ্ড অতি পৰিকল্পিত আৰু নৃশংসভাৱে সম্পন্ন কৰা হৈছিল। প্ৰথমে পত্নী চেমিমা আখতাৰে স্বামী বদিৰ আলীক নিশাৰ আহাৰৰ লগত শ্লীপিং টেবলেট মিহলাই দিছিল। স্বামী অচেতন হৈ পৰাৰ পিছত চেমিমা, তেওঁৰ পুত্ৰ ৰমজান আলী, অবৈধ প্ৰেমিক নেকিব আলী আৰু মিৰাজুল আজাদে মিলি হত্যা কৰিছিল বদিৰ আলীক।
৪ অভিযুক্তই শুই থকা বদিৰ আলীৰ মুখত গাৰুৰে সোপা মাৰি শ্বাসৰুদ্ধ কৰাৰ চেষ্টা চলাই। প্ৰাণৰ মমতাত তেওঁ চটফটাবলৈ ধৰে যদিও খিড়িকীৰ পৰ্দা লগোৱা ৰচীৰে ডিঙি চেপি ধৰে। এই আক্ৰমণৰ ফলত বদিৰ আলীৰ নাকৰ পৰা তেজ ওলাইছিল আৰু ডিঙিত আঘাতৰ গভীৰ চিন স্পষ্ট হৈ পৰিছিল।
হত্যাকাণ্ডৰ পিছদিনা ২৮ ডিচেম্বৰৰ ৰাতিপুৱা পত্নী আৰু পুত্ৰই এয়া স্বাভাৱিক মৃত্যু বুলি দাবী কৰিছিল। কিন্তু স্থানীয় ৰাইজৰ মনত সন্দেহৰ সৃষ্টি হয় আৰু তেওঁলোকে এইটো পৰিকল্পিত হত্যাকাণ্ড বুলি ধাৰণা কৰে।
উত্তেজিত গাঁৱৰ মহিলাৰ এটা দলে পত্নী চেমিমা আখতাৰক উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিছিল। ইফালে ঘটনাটোৰ পিছতে, মৃত বদিৰ আলীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত কেইবা শতাধিক ৰাইজে হত্যাকাৰী পৰিয়ালৰ ঘৰৰ চোতালতে জানাজা সম্পন্ন কৰি ন্যায় বিচাৰ দাবী কৰিছিল।
আনহাতে আত্মীয়ৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অবৈধ প্ৰেমিক নেকিব আলীকো গ্ৰেপ্তাৰ কৰে। হত্যাকাণ্ডৰ পিছত পুত্ৰ ৰমজান আলী তামিলনাডুৰ কভিলপাত্তিত আত্মগোপন কৰিছিল। তিনি মাহৰ সন্ধানৰ পিছত যোৱা বৃহস্পতিবাৰে ৰঙিয়া আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে চেমিমা আখতাৰ আৰু নেকিব আলীক জে’লৰ পৰা আৰক্ষীৰ জিম্মাত লয়। তিনিওজনৰ ওপৰত মাৰাথান জেৰা চলোৱাৰ পিছত তেওঁলোকে হত্যাকাণ্ডত জড়িত থকাৰ কথা স্বীকাৰ কৰে। জেৰাৰ মাজতে চতুৰ্থ অভিযুক্ত মিৰাজুল আজাদৰ নাম পোহৰলৈ আহে।
আচৰিত কথা যে মিৰাজুল আজাদে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতো ৩ মাহ ধৰি নিজৰ ঘৰতে স্বাভাৱিক জীৱন যাপন কৰি আহিছিল। ইতিমধ্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে একে গাঁৱৰে মিৰাজুল আজাদক।
আৰক্ষীৰ এক বৃহৎ দল আৰু দণ্ডাধীশৰ উপস্থিতিত ৪ অভিযুক্তক ঘটনাস্থলীলৈ লৈ যায়। তাত এটা প্ৰতিমূৰ্তি স্থাপন কৰি হত্যাকাণ্ড কেনেদৰে সংঘটিত কৰা হৈছিল, সেই দৃশ্য পুনৰ্নিৰ্মাণ কৰা হয়। অভিযুক্ত চাৰিওজনে নৃশংসভাৱে হত্যা কৰাৰ কথা প্ৰকাশ কৰে, যিয়ে সকলোকে স্তম্ভিত কৰি তুলিছে।
তদন্তত দেখা গৈছে যে এই হত্যাকাণ্ডৰ মূল কাৰণ আছিল চেমিমা আখতাৰৰ অবৈধ প্ৰেমৰ সম্পৰ্ক। বদিৰ আলী এই সম্পৰ্কৰ বাধা হৈ পৰিছিল। আটাইতকৈ আচৰিত কথা যে মাতৃৰ এই অবৈধ সম্পৰ্কৰ বাবে পুত্ৰ ৰমজান আলীয়েও পিতৃৰ হত্যাত সহযোগিতা কৰিছিল। এই ঘটনাই সমাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙিয়াৰ এই হত্যাকাণ্ডৰ ঘটনাই পৰিয়ালৰ ভিতৰৰ সম্পৰ্কৰ ভয়ংকৰ ৰূপ পোহৰলৈ আনিছে।
Discussion about this post