এজন যুৱকে দাৰে ঘপিয়ালে ৩ জনকৈ লোকক, দুজনৰ ছিঙি গ’ল হাত। গুৱাহাটী (Guwahati) বৰবাৰীত (Barbari) সংঘটিত হৈছে এই নৃশংস ঘটনা (Horrific Incident)। নিৰণ টেৰণ নামৰ এজন যুৱকৰ দাৰ ঘাপত আহত লোক তিনিগৰাকী (Man Chopped off One Women And One Man Hand)। যাৰ ভিতৰত দুজন লোকৰ দাৰ ঘাপত হাত ছিঙি গৈছে।
বৰবাৰীৰ (Barbari) চাই বাবা মন্দিৰৰ সমীপৰ পৰা ৰাইজে কৰায়ত্ত কৰে যুৱকজনক। যুৱকজনক ধৰি দিছপুৰ থানালৈ (Dispur Police) লৈ যায় নিৰণ টেৰণক। আহত কেইজন অৰূপ টেৰণ, অনিতা টেৰণ আৰু সমীৰণ টেৰণ বুলি জানিব পৰা গৈছে। আহত কেইজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত (GMCH) ভৰ্তি কৰোৱা হৈছে।
Photo & Input: Ramesh Baishya
Discussion about this post