গহপুৰ (Gohpur) ব্ৰহ্মাজানত (Brahmajan) গুৱাহাটীৰ পৰা লৈ অহা এখন ভাড়াতীয়া বাহনৰ চালকক মাৰপিট। ৪ যুৱক-যুৱতীৰ ওপৰত সন্দেহ ওপজাত আৰক্ষীক গতালে গাঁওবাসীয়ে। সুৰাৰ খালী বটল পোৱা গৈছে গাড়ীত। সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…
গহপুৰৰ ব্ৰহ্মাজানত ৪ যুৱক-যুৱতীক ৰাইজে গটালে আৰক্ষীক (Police)। ঘটনা অনুসৰি গুৱাহাটীৰ পৰা AS01KC0903 নম্বৰৰ এখন ছুইফট ডিজায়াৰ বাহন গহপুৰলৈ বুলি ভাড়াত আনিছিল অচিনাকী দুজন যুৱক আৰু ২ যুৱতীক সুশান্ত দাস নামৰ চালকজনে।
ভুক্তভোগী চালকৰ ভাষ্য-
স্থানীয় ৰাইজৰ ভাষ্য-
কিন্তু চালকৰ অভিযোগ অনুসৰি গহপুৰৰ ব্ৰহ্মাজান পোৱাৰ লগে লগে পুনৰ ডিমাপুৰলৈ গাড়ী লৈ যাব লাগে বুলি দাবী ধমকি দিয়ে। গাড়ী নিনিয়াত অৱশেষত ড্ৰাইভাৰজনক উক্ত স্থানতে নিৰ্জনতাৰ সুযোগ লৈ গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি এটা নলাত পেলোৱাৰ চেষ্টা কৰে।
সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি আছিল স্থানীয় এজন লোকে। পিছত ৰাইজক খবৰ দিয়াত চালকজনক উদ্ধাৰ কৰে আৰু যুৱক-যুৱতীসহ চালকজনক ঘাঁহিগাঁও থানালৈ লৈ যায়।
চালকজনৰ অভিযোগ অনুসৰি ৰাস্তাত তেওঁক কল ড্ৰিংকছৰ লগতে সুৰাপান কৰিবলৈও জোৰ কৰিছিল যুৱক-যুৱতী চাৰিগৰাকীয়ে। কিন্তু চালকজন মান্তি হোৱা নাছিল।
আনহাতে যুৱক-যুৱতী কেইগৰাকীয়েও চালকৰ বিৰুদ্ধে অভিযোগ তুলিছে যে এগৰাকী যুৱতীক শৰীৰৰ গোপন অংগত হাত দিয়াৰ বাবেই চালকজনক মাৰপিট কৰিছে। তেওঁলোকে নিজকে পতি-পত্নী বুলি পৰিচয় দিয়ে। অৱশ্যে কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।
Photo & Input: পলাশ প্ৰিয়ম
আৰু পঢ়কঃ https://khatangkhobor.com/news/important-news-guwahati-astc-reduces-number-of-pink-buses-to-4/9310/
Discussion about this post